পূৱ বিলাসীপাৰা,27 মে’:ৰাজ্যত কৰ’ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে পূৱ বিলাসীপাৰাৰ চাপৰত দিনক দিনে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা । বুধবাৰে চাপৰৰ শালকোছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীপোতা শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নিবাসী আব্দুৰ ৰহিম আৰু আব্দুল ওহাৱৰ ঘৰৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে নগদ ৮০ হাজাৰ টকা ।
চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে চাপৰবাসীৰ - চোৰে লুটিলে লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ
এফালে কৰ’ণাৰ সন্ত্ৰাস আনফালে চোৰৰ সন্ত্ৰাস চলিছে চাপৰত । অঞ্চলটোত দিনকদিনে বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে চাপৰবাসীৰ ৷ শেহতীয়াকৈ চাপৰৰ হাতীপোতা শ্ৰীগ্ৰাম ৬ষ্ঠ খণ্ডত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড ৷

চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে চাপৰবাসীৰ
চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে চাপৰবাসীৰ
উল্লেখ্য যে, চোৰে চুৰি কৰাৰ পূৰ্বে আব্দুল ওহাব আৰু পত্নীক অচেতন কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত শালকোছা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, বিগত কেইবা মাহৰ পৰা চাপৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ তথাপিও আৰক্ষীয়ে এতিয়ালৈকে চোৰক নাকী লগাবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ।