অসম

assam

ETV Bharat / state

ধুবুৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ধুবুৰীত জব্দ 200 কাৰ্টুন অবৈধ সুৰা ৷ মালবাহী ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি ৷ গৌৰীপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰাখিনি ৷

Illigal Wine Sized In Duburi Police
ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

By

Published : Aug 13, 2020, 8:35 PM IST

Updated : Aug 13, 2020, 9:14 PM IST

ধুবুৰী, 13 আগষ্ট :সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ কৰ'ণা আতংকৰ মাজতে দেশবাসীয়ে নীতি-নিয়ম মাজেৰে পালন কৰিব স্বাধীনতা দিৱস ৷ 74 সংখ্যক স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰবাবে প্ৰশাসনক কঠোৰ দৃষ্টি ৰাখিবলৈ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে ৷

বৃহস্পৃতিবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে অভিযান চলাই 200 কাৰ্টুন অবৈধ সুৰা আৰু এখন সুৰাবাহী ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা আৰক্ষীয়ে অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

তথ্য অনুসৰি, দুপৰীয়াৰ ভাগত আৰক্ষীয়ে ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা এখন মালৱাহী ট্ৰাকেৰে অবৈধভাবে আনি থকা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত অবৈধ সুৰাখিনি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম অঞ্চলৰ পৰা গৌৰীপুৰৰ পিনে এখন ট্ৰাকৰে আহি থকা বুলি গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে দুপৰীয়াৰ ভাগত গৌৰীপুৰৰ কালীবাৰীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

জানিব পৰা মতে, আৰক্ষীৰ তালাচীত এম এইচ ৪৮/এ ওৱাই ৯৫৩১নম্বৰৰ সেই ট্ৰাকখনত ধানৰ তুঁহৰ মাজত লুকুৱাই অনা প্ৰায় 200 কাৰ্টুন অবৈধ সুৰাৰ বটল উদ্ধাৰ হৈছে ৷ বৰ্তমান ট্ৰাকখনৰ মালিক তথা চালক মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাচাইৰ জনৈক বিকাশ কুমাৰ নামৰ ব্যক্তিজনক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ট্ৰাকখনত থকা বিলাতী সুৰাৰ কাৰ্টুনৰ ওপৰৰ ভাগত কিছু পৰিমাণৰ পশু খাদ্য ভৰ্তি বস্তা ৰাখি আৰক্ষীৰ চকুত ধূলি দিয়াৰ চেষ্টা চলাইছিল দুষ্ট চক্ৰই ।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান

Last Updated : Aug 13, 2020, 9:14 PM IST

ABOUT THE AUTHOR

...view details