বিলাসীপাৰা, 24 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এখন সুৰা ভৰ্তি ট্ৰাক ৷ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত জব্দ কৰিবলৈ সক্ষম হয় সুৰা ভৰ্তি ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় 380 কাৰ্টুন সুৰা ৷ সুৰা ভৰ্তি ট্ৰাক খনৰ নম্বৰ AS 17 - 0957বুলি জানিব পৰা গৈছে ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা সুৰা সমূহৰ কোনো বৈধ নথিপত্ৰ নাই ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাবে সুৰা সমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷