ধুবুৰী,9 ডিচেম্বৰঃ ধুবুৰী জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। ভিতৰুৱা অঞ্চল সমূহত অবৈধ কাঠফলা মিল চলি থকাৰ বিপৰীতে চলিছে চোৰাং কাঠৰ চোৰাং সৰবৰাহ। ব্ৰহ্মপুত্ৰ নদী পথেৰে চোৰাং ভাবে সৰবৰাহ হৈছে লাখ লাখ টকাৰ চোৰাং কাঠ। সোমবাৰে মাজ নিশা ধুবুৰী বন বিভাগৰ আঞ্চলিক বন বিষয়া হৰিশ নাথৰ নেতৃত্বত বন বিভাগৰ দল এটাই গোপন তথ্যৰ ভিত্তিত বন্দিহানা অঞ্চলৰ নদী পথত অভিযান চলায়। অভিযানত তিনি লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটো। বৰপেটাৰ পৰা চোৰাং কাঠসমূহ নাৱেৰে অনা হৈছিল বুলি তথ্য লাভ কৰিছে বন বিভাগে । অৱশ্যে কোনো চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে।
ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ বনাঞ্চলৰ পৰা মূল্যবান কাঠ ব্ৰহ্মপুত্ৰ নদী পথেৰে বাংলাদেশ লৈ চোৰাং চালান কৰাৰ অভিযোগ দীর্ঘদিনীয়া। নদী পথত চোৰাং কাঠ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগৰ উন্নতমানৰ সা সৰঞ্জামৰ প্ৰয়োজন আছে ৷
ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ