অসম

assam

By

Published : Jan 11, 2020, 2:15 PM IST

ETV Bharat / state

বিলাসীপাৰাত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দঃ 7 জনক আটক

শনিবাৰে বগৰীবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে 7 জন লোকক আটক কৰে ৷

Illegal wood seized
চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

পশ্চিম বিলাসীপাৰা, 11 জানুৱাৰীঃশনিবাৰে বিলাসীপাৰাৰ নিকটৱৰ্তী কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে দুখন চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে 7 জন লোকক আটক কৰে ৷

চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ
আটকাধীন লোক কেইজন ক্ৰমে লিভন সৰেন,জোসন টিগ্গা (কাৰ্বি আংলং),মহম্মদ ছাহিদ,ইমৰান, কৰম উদ্দিন,ইস্তিকাৰ,আৰু জুবেইৰ( উত্তৰ প্ৰদেশ) ৷ উল্লেখ্য যে জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ'ব বুলি গোলাঘাটৰ বন বিষয়াই জানিবলৈ দিয়ে ৷ তথ্য অনুসৰি ডিমাপুৰৰ পৰা পশ্চিমবংগলৈ লৈ যোৱা অৱস্থাতে আৰক্ষীয়ে কাঠ সমূহ জব্দ কৰে৷ জব্দ হোৱা হোৱা ট্ৰাক দুখনৰ নম্বৰ UP-25CT-4855 আৰু UP-25CT-7678

ABOUT THE AUTHOR

...view details