বিলাসীপাৰা, 4 অক্টোবৰঃ ৰাজ্যত 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ পালন কৰা হৈছে 66 সংখ্যক বন সপ্তাহ ৷ কিন্তু ইয়াৰ মাজতো অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷ শনিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী খোৰাঘাট বনাঞ্চলৰ অন্তৰ্গত বৈষ্ঠমঝোৰাত বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ ৷
বিলাসীপাৰাত জব্দ চোৰাং শালকাঠ ভৰ্তি ট্ৰাক - বিলাসীপাৰাত চোৰাং কাঠ জব্দ
শনিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী খোৰাঘাট বনাঞ্চলৰ অন্তৰ্গত বৈষ্ঠমঝোৰাত বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ ৷

বিলাসীপাৰাত জব্দ চোৰাং শালকাঠ ভৰ্তি ট্ৰাক
বন বিষয়া উমানন্দ গোস্বামী আৰু আফছাৰ আলীৰ নেতৃত্বত এটি দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বাহনখন ৷ কিন্তু বন বিষয়াৰ দল উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় চোৰাংকাঠ ব্যৱসায়ীৰ দলটো ৷
লগতে পঢ়ক-চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত মৰিগাঁৱত দুৰ্নীতি !