বিলাসীপাৰা,৮জুলাই: বিলাসীপাৰাৰ শালকোচা আঞ্চলিক ,ৰোকাখাটা আৰু লক্ষীগঞ্জ বন কাৰ্যালয়ৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত বাবুৰহাট অঞ্চলত বুধবাৰে চলালে যৌথ অভিযান । বন বিভাগ আৰু আৰক্ষীৰ এই যৌথ অভিযানত অঞ্চলটোত দীৰ্ঘ দিনৰে পৰা চলি থকা দুটাকৈ অবৈধ ভ্ৰাম্যমান কাঠ ফলা কল জব্দ কৰা হয় । আনহাতে অভিযানত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ আৰু কাঠৰ কুণ্ডাও দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় । এক গোপন সুত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য প্ৰায় তিনি লক্ষাধিক টকা হ'ব বুলি জনালে অভিযানৰ নেতৃত্ব দিয়া এগৰাকী বন বিষয়াই ।
তিনি লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠসহ জব্দ দুটাকৈ ভ্ৰাম্যমান কাঠফলা কল - association with assam police
বিলাসীপাৰাত চোৰাং কাঠৰ এখন ৰমৰমীয়া বজাৰ । সক্ৰিয় চোৰাং কাঠৰ ব্যৱসায়ী । একাংশ চোৰাং কাঠ বেপাৰীয়ে ভিতৰুৱা অঞ্চল সমূহত অবৈধ ভাৱে কাঠ ফালি চলাই আহিছে এই ৰমৰমীয়া ব্যৱসায় । এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বুধবাৰে বিয়লি বন বিভাগ আৰু আৰক্ষীৰ এটা যুটিয়া দলে বাবুৰহাট অঞ্চলত চলালে অভিযান । অভিযানত জব্দ হ'ল দুটাকৈ অবৈধ ভ্ৰাম্যমান কাঠ ফলা কল আৰু বৃহৎ পৰিমাণৰ কাঠৰ কোণ্ডা ।

তিনি লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠসহ জব্দ দু্টাকৈ ভ্ৰাম্যমান কাঠফলা কল
illegal timber market at bilashipara
অভিযানৰ অন্তত জব্দ হোৱা অবৈধ কাঠ ফলা দুটা কলকে ধৰি চোৰাং কাঠ সমূহ শালকোচা আঞ্চলিক বন কাৰ্যালয়লৈ লৈ যোৱা হয় ।