অসম

assam

ETV Bharat / state

41 টকাৰ বিপৰীতে 2200 টকাকৈ গুণ্ডাকৰ সংগ্ৰহ বিলাসীপাৰাৰ বালি মহলত

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে বিলাসীপাৰা মহকুমাৰ টিপকাই নৈৰ ঘাঘমাৰী আৰু চাংবান্ধা হৈছে অন্যতম শিল বালিৰ মহল ৷ ইয়াৰে ঘাঘমাৰী বালি মহলটো আনছাদ জৌহলা ব্ৰহ্ম নামৰ ব্যক্তি এজনে দুই বছৰ মান পূৰ্বে নিবিদা পায় ৷ সেইমতে মহলদাৰ ব্ৰহ্মই কেইজনমান স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোকৰ হতুৱাই বালি মহলটোত লুণ্ঠন চলাই আহিছে ৷

বিলাসীপাৰাত বালি মহলত গুণ্ডাকৰ সংগ্ৰহ

By

Published : Oct 15, 2019, 10:56 AM IST

বিলাসীপাৰা, 15 অক্টোবৰঃ বিলাসীপাৰাৰ ঘাঘমাৰী বালি মহলত চৰকাৰী নিৰিখতকৈ অত্যাধিক হাৰত ৰয়েলটি সংগ্ৰহ কৰি অহাত জাঙুৰ খাই উঠিছে মহলটোৰ লগত জড়িত লঘু বাহন চালক আৰু মালিক সন্থা ৷ সোমবাৰে বিয়লি মহলটোৰ সমীপৱৰ্তী ঢেমঢেমাত বালি কঢ়িওৱা লঘু বাহনসমূহৰ চালকে চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে বিলাসীপাৰা মহকুমাৰ টিপকাই নৈৰ ঘাঘমাৰী আৰু চাংবান্ধা হৈছে অন্যতম শিল বালিৰ মহল ৷ দুই বছৰ মান পূৰ্বে ঘাঘমাৰী বালি মহলটো আনছাদ জৌহলা ব্ৰহ্ম নামৰ ব্যক্তি এজনে নিবিদা পায় ৷ সেইমতে মহলদাৰ ব্ৰহ্মই কেইজনমান স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোকৰ হতুৱাই বালি মহলটোত লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশই ৷

বিলাসীপাৰাত বালি মহলত গুণ্ডাকৰ সংগ্ৰহ

আনহাতে, মহলৰ দায়িত্বত থকা লোকসকলে মূল মহলদাৰৰ ছত্ৰ ছায়াত বিভাগীয় বিষয়া কৰ্মচাৰীক মেনেজ কৰি ৰয়েলটিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ উক্ত ঘটনা সন্দৰ্ভত স্থানীয় সাপটগ্ৰাম বনাঞ্চলিক বিষয়া অনিমেষ কলিতাই জনায় যে, প্ৰতি ছি, এম বালিৰ বিপৰীতে চৰকাৰী ৰয়েলটিৰ মূল্য 41 টকা ৷ কিন্তু ঘাঘমাৰী মহলদাৰৰ পালিত গুণ্ডা বাহিনীয়ে বলপূৰ্বক ভাবে প্ৰতি ছি, এম বালিৰ বাবদ বাহন সমূহৰ চালকৰ পৰা 2200 টকাকৈ সংগ্ৰহ কৰি আহিছে ৷ স্থানীয় শিক্ষিত নিবনুৱা একাংশই বিভিন্ন ক্ষেত্ৰৰ পৰা ঋণ লৈ তেনে লঘু বাহন এখনকৈ ক্ৰয় কৰি বালি বিক্ৰী কৰি আহিছে কিন্তু মহল কৰ্তৃপক্ষৰ কাৰ্যত বাহন সমূহৰ গৰাকী আৰু চালকসমূহ বৰ্তমান বিপাঙত পৰিব লগীয়া হৈছে ৷ ঘটনা সন্দৰ্ভত শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্তৰ দাবী জনাইছে প্ৰতিবাদকৰীয়ে ৷

অধিৰ পঢ়ক চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ 9mm পিস্তলৰ সজীৱ গুলী

ABOUT THE AUTHOR

...view details