ধুবুৰী,২০ ডিচেম্বৰ:বন বিভাগৰ আশীৰ্বাদতেই ধুবুৰীৰ বিভিন্ন স্থানত একাংশ বালি মাফিয়াই দিনে নিশাই অবৈধ ভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য চলাই থকা ঘটনাই সচেতন মহলক জোকাৰি গৈছে । ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে উঠি অহা বিভিন্ন চৰ অঞ্চলত প্ৰতি বছৰৰ দৰেই এইবেলিও আৰম্ভ হৈছে একাংশ বালি মাফিয়াৰ সন্ত্ৰাস ।
তথ্য অনুসৰি ধুবুৰীৰ মতিৰচৰ অঞ্চলৰ আমেৰভিটা, অয়ৰাণ, জংলা আদি অঞ্চলত বিগত কিছুদিনৰ পৰা অবৈধভাৱে বালিখনন আৰম্ভ হৈছে । স্থানীয় আবুল কাচেম আৰু আবুল কালামৰ লগতে এটা বালি মাফিয়া চক্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধ খনন অব্যাহত আছে । এখন চালানেৰে তিনি চাৰি দিনলৈকে শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে চলাই যোৱা হৈছে বালি খনন। লুইতৰ বুকুত জেচিবি লগাই দিনে নিশাই অবৈধভাৱে বালি খনন চলি আহিছে যদিও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী বন সংমণ্ডল বিষয়া এইচ পাঠক আৰু আঞ্চলিক বন বিষয়া তথা ৰেঞ্জাৰ ছফিকুৰ ৰহমানৰ বিৰুদ্ধে ।
কেৱল এটা অঞ্চলতেই নহয়, মতিৰচৰ অঞ্চলত তিনি চাৰিটা স্থানত একাংশ বালি মাফিয়াই অবৈধভাৱে বালিৰ খনন চলাই থকাৰ সমান্তৰাল কৈ ধুবুৰীৰ নিউঘাট অঞ্চল আৰু কুন্তীৰ চৰ অঞ্চলতো অব্যাহত আছে বালিৰ অবৈধ খনন । ইপিনে মঙলবাৰে ধুবুৰীৰ কুন্তীৰচৰ অঞ্চলৰ টিপকাই নৈৰ পাৰত অবৈধভাৱে বালি খনন চলি থকা অৱস্থাত সাংবাদিকৰ দল এটা গৈ ঘটনাস্থলীত উপস্থিত হয় ।