অসম

assam

ETV Bharat / state

মানকাচাৰত এখন গোপন দৈনিক বজাৰ

মানকাচাৰ আৰক্ষী চকীৰ পৰা এক কিলোমিটাৰ নিলগত প্ৰত্যক দিনে নিয়মীয়াকৈ চলাই আছে এখন অবৈধ বজাৰ। কোনো কাণ-সাৰ নাই আৰক্ষী প্ৰশাসনৰ ৷

ETV BHARAT
লক ডাউন অমান্য কৰি মানকাচাৰৰ গোপন স্থানত দৈনিক বজাৰ

By

Published : Apr 15, 2020, 7:59 PM IST

ধুবুৰী, 15 এপ্ৰিলঃ দেশ তথা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লক ডাউন আৰম্ভ হোৱাৰ সময়তেই মানকাচৰৰ এক গোপন স্থানত বহিছে এখন দৈনিক বজাৰ। লক ডাউন আইন উলংঘা কৰি একাংশই চলাই আছে ৰমৰমীয়া ব্যৱসায়।

লক ডাউন অমান্য কৰি মানকাচাৰৰ গোপন স্থানত দৈনিক বজাৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক ভেঙুচালি একাংশৰ । লক ডাউন আইন উলংঘা কৰি একাংশই চলাই আছে ৰমৰমীয়া ব্যৱসায়। এয়া চাওক মানকাচৰ তিনিআলি বজাৰৰ দৃশ্য। বজাৰত সমাগম হৈছে শ শ লোক। কিনিছে শাক পাঁচলি। যি বজাৰে যি কোনো সময়ত মাতিব পাৰে ভয়াৱহ বিপদ। কাৰণ অবৈধ বজাৰত নাই কোনো সামাজিক দুৰত্ব। নামানে চৰকাৰৰ কোনো নিয়ম নীতি নিৰ্দেশনাৱলী। প্ৰতি দিন ৰাতিপুৱা ৫ বজাৰপৰা আৰম্ভ হয় এই বজাৰ খন। মানকাচৰ তিনিআলিৰ বজাৰ কমিটিয়ে চলাই আছে এই বজাৰ খন। যিসময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়বাৰৰ বাবে লক ডাউন ঘোষণা কৰি জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে । ঠিক তেনে সময়ত মানকাচৰ আৰক্ষী চকীৰ পৰা এক কিলোমিটাৰ নিলগত মানকাচৰ তিনিআলি বজাৰ খন কেনেকৈ চলিব পাৰে ? তিনিআলি বজাৰ কমিটিয়ে প্ৰত্যক দিন নিয়মীয়াকৈ চলাই আছে এই অবৈধ বজাৰ খন। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয় বিষয়।

লগতে পঢ়ক - LoC ত পাকিস্তান আৰ্মীৰ গোলাবৰ্ষণ

ABOUT THE AUTHOR

...view details