ধুবুৰী,20 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ বাবে ৰাজ্যৰ পৰিস্থিতি সম্প্ৰতি স্পৰ্শকাতৰ হৈ আছে ৷ এনে সময়তে ধুবুৰীত শুকুৰবাৰে উপস্থিত হয় বি টি এ ডি-ৰ দায়িত্বত থকা আই জি পি অনুৰাগ আগৰৱালা। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিকভাৱে জিলাখন পৰিদৰ্শন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে ৷ ধুবুৰী জিলা আৰক্ষী আৰু প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হয় আই জি পি গৰাকীয়ে।
ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱালা - নাগৰিকত্ব সংশোধনী আইন
বি টি এ ডিৰ দায়িত্বত থকা আই জি পি অনুৰাগ আগৰৱালা হঠাতে উপস্থিত হয় ধুবুৰীত,সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিকভাৱে জিলাখন পৰিদৰ্শন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে
ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱাল
এই বৈঠকত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক যুৱৰাজ,জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকনিৰূপম হাজৰিকা,জিলা উপ-আৰক্ষী অধীক্ষকত্ৰিনয়ন ভূঞাকে ধৰি আৰক্ষী বিষয়াসকল ৷ গুৰুত্বপূৰ্ণ বৈঠকখনত সাম্প্ৰতিক পৰিস্থিতিৰ বিভিন্ন দিশ সামৰি পৰ্যালোচনা কৰা হয় ৷ কিন্তু এই বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই আই জি পি অনুৰাগ আগৰৱালে ৷
লগতে চাওকঃঝাৰখণ্ডৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ