অসম

assam

ETV Bharat / state

বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ দাবী ইফতাৰুল ইছলাম প্ৰামাণিকৰ - পশ্চিম বিলাসীপাৰা

জাতীয় দল অসমৰ মনোনীত প্ৰাৰ্থী ইফতাৰুল ইছলাম প্ৰামাণিকে দলীয় টিকট লৈ দেওবাৰে সমষ্টিটোৰ বাঙালীপাৰাত উপস্থিত হয় ৷ দলটোৰ প্ৰাৰ্থী গৰাকীক দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনাই সমষ্টিলৈ আদৰি নিয়ে ৷

Iftraual islamic pramanik candidate form Bilasipara
পশ্চিম বিলাসীপাৰাত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাৰ দাবী ইফতাৰুল ইছলাম প্ৰামানিকৰ

By

Published : Mar 14, 2021, 4:43 PM IST

পশ্চিম বিলাসীপাৰা,14 মাৰ্চ: "মোৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই ৷ মই বিনা প্ৰতিদ্বন্দ্বিতাৰে পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা জয়ী হ’ম"-এই দাবী জাতীয় দল অসমৰ মনোনীত প্ৰাৰ্থী ইফতাৰুল ইছলাম প্ৰামাণিকৰ ৷ দলীয় টিকট লৈ দেওবাৰে সমষ্টিটোৰ বাঙালীপাৰাত উপস্থিত হৈ দলটোৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে, বিগত পোন্ধৰ বছৰে পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিটো এআইইউডিএফ-ৰ হাফিজ বছিৰ আহমেদৰ দখলত আছিল ৷

পশ্চিম বিলাসীপাৰাত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাৰ দাবী ইফতাৰুল ইছলাম প্ৰামানিকৰ

বিধায়কগৰাকীয়ে সমষ্টিটোৰ এটাও সমস্যা সমাধান নকৰাত ৰাইজে তেওঁক এইবাৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা বিদায় দিব বুলি মন্তব্য কৰে জাতীয় দল অসমৰ প্ৰাৰ্থী গৰাকীয়ে ৷ জাতীয় দল অসমৰ প্ৰাৰ্থী গৰাকীক দলৰ কৰ্মীসকলে উষ্ম আদৰণি জনাই সমষ্টিলৈ আদৰি নিয়ে ৷

লগতে পঢ়ক:অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details