অসম

assam

চাপৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ

By

Published : Jan 6, 2021, 9:22 AM IST

মঙলবাৰে নিশা চাপৰত লক্ষাধিক টকাৰ চোৰাং শাল কাঠ জব্দ ৷ গোপন সূত্ৰৰ ভিত্তিত এজন লোকৰ বাসগৃহত অভিযান চলাই ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীৰ দলে জব্দ কৰে কাঠখিনি ৷

wood seized at chapar
চাপৰত চোৰাং শাল কাঠ জব্দ

পূৱ বিলাসীপাৰা,6 জানুৱাৰী : পূৱ বিলাসীপাৰাৰ চাপৰত মঙলবাৰে নিশা জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ ৷ চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাস আৰু চাপৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত পুঠিমাৰী গাঁৱৰ এজন লোকৰ বাসগৃহত অভিযান চলাই জব্দ কৰে এই অবৈধভাৱে মজুত কৰি ৰখা কাঠখিনি ৷

চাপৰত চোৰাং শাল কাঠ জব্দ

জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷ অৱশেষত কাঠখিনি বহলপুৰ বনাঞ্চলিক বিষয়াক গতাই দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক :ক’ত আছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ ?

ABOUT THE AUTHOR

...view details