বিলাসীপাৰা, 23 এপ্ৰিল : বিলাসীপাৰাত আম আদমি পাৰ্টীত যোগদানৰ জোৱাৰ উঠিছে । আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা তথা বৰ্তমানৰ ৰাজনৈতিক নেতা জামাল হকৰ আপত যোগদানৰ পাছতেই বিলাসীপাৰাত আপত যোগদানৰ জোৱাৰ উঠিছে । নিতৌ শ শ কংগ্ৰেছী আৰু AIUDF ৰ নেতা-কৰ্মীয়ে আনন্দ নগৰ বাংগালীপাৰা গাঁও পঞ্চায়তৰ নিৰ্দলীয় সভাপতি জামাল হকৰ নেতৃত্বত যোগদান কৰিছে আম আদমী পাৰ্টীত (Joining in AAP at Bilasipara)।
বিলাসীপাৰাত কংগ্ৰেছ আৰু AIUDF ৰ মাজত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ আৰু AIUDF ত্যাগ কৰি বহু সক্ৰিয় নেতা-কৰ্মীয়ে যোগ দিছে আম আদমী পাৰ্টীত । দুদিন আগলৈকে কংগ্ৰেছী নতুবা AIUDF কৰ্মী হিচাপে পৰিচয় বহন কৰা এইসকল বিলাসীপাৰাবাসীৰ পৰিচয় সলনি হ’ল শনিবাৰে । এইসকল জনতাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি মোহিত হৈ যোগদান কৰে আম আদমি পাৰ্টীত (Arvind Kejriwal influences Assam)।