বিলাসীপাৰা, তিনিচুকীয়া 28 চেপ্টেম্বৰঃশুকুৰবাৰে নিশা বিলাসীপাৰা মহকুমাৰ শালকোচা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলোৱা এক অভিযানত চোৰাং কাঠৰ কুণ্ডা সহ এখন নাও এখন জব্দ হয়৷ তথ্যনুসৰি চান্দৰডিঙা সংৰক্ষিত বনাঞ্চলৰ পৰা দুষ্কৃতিকাৰীৰ দলে চোৰাং কৈ অপৈনত শাল চেগুন কাঠ কাটি ব্ৰহ্মপুত্ৰ নদীয়েদি সৰবৰাহ কৰি অনাৰ সময়তে নাও সহ কাঠৰ কুণ্ডা সমূহ জব্দ হয়৷
24 ঘণ্টাত বিলাসীপাৰা আৰু তিনিচুকীয়াত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ - wood seized at bilasipara
বিলাসীপাৰা আৰু তিনিচুকীয়া বনাঞ্চলিক বিষয়াৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ হয় ৷
ইয়াৰোপৰিও বন বিষয়া কৰ্মীৰ দলটোৱে কাঠৰ কুণ্ডা সমূহ জব্দ কৰাৰ লগতে দুখন অবৈধ শিল ভৰ্তি ডাম্পাৰ, এখন ট্ৰাক আৰু এখন ৰঙা মাটি কঢ়িয়াই নিয়া ট্ৰেক্টৰ জব্দ কৰে৷ উল্লেখ্য যে শালকোচা বনাঞ্চলিক বিষয়া অনিৰুদ্ধ পাঠকৰ নেতৃত্বত চলা এই অভিযানত অবৈধ কাঠ, শিল, বালি আৰু ৰঙা মাটি কঢ়িওৱা নাও, বাহন কেইখন জব্দ কৰা কাৰ্যই মহকুমাটোত ব্যাপক চৰ্চা লাভ কৰিছে৷
ইপিনে তিনিচুকীয়াৰ পেঙেৰীতো পেঙেৰী আঞ্চলিক বন বিষয়াই অভিযান চলাই চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে৷ জানিব পৰা মতে একাংশ কাঠ মাফিয়াই আৰক্ষী-বন বিভাগৰ চকুত ধূলি দি নিতৌ অৰুণাচলৰ পৰা তিনিচুকীয়া চহৰৰ মাজেৰে অবৈধ চোৰাং কাঠৰ সৰবৰাহ চলাই আহিছে৷ তেনে সময়তে শনিবাৰে পুৱতি নিশা পেঙেৰী আঞ্চলিক বন বিষয়াই পেঙেৰী চাৰিআলিত অৰুণাচলৰ পৰা তিনিচুকীয়ালৈ আহি থকা এখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে৷ জানিব পৰা মতে বৰ্তমানলৈকে জব্দকৃত AS-23-BC-8951 নম্বৰৰ কাঠভৰ্তি ট্ৰাকখনৰ কোনো নথিপত্ৰ বন বিভাগে লাভ কৰা নাই৷ ইপিনে উক্ত চোৰাং কাঠভৰ্তি ট্ৰাকখনৰ তদন্তৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন বিভাগক অভিযোগ দাখিল কৰিছে৷ উল্লেখ্য যে,আৰক্ষী-বন বিভাগে ইয়াৰ পূৰ্বেও তিনিচুকীয়াত কেইবাখনো চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷