অসম

assam

নিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ

By

Published : Mar 5, 2021, 9:14 AM IST

নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে চাপৰত জব্দ নগদ 2.78 লাখ ৷ চাপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাড 4 ৰ যৌথ অভিযানত জব্দ হয় এই ধন ৷ তিনিগৰাকী লোকে এখন Swift Dzire বাহনত ধনখিনি লৈ আহিছিল ৷

money seized at sapor in dhubri
money seized at sapor in dhubri

পূৱ বিলাসীপাৰা, 5 মাৰ্চ:নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে চাপৰত বৃহৎ ৰাশিৰ নগদ ধন জব্দ ৷ চাপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাড 4 ৰ যৌথ অভিযানত পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত 2.78 লাখ নগদ ধন জব্দ হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি AS 01 BV 0191 নম্বৰৰ এখন Swift Dzire বাহনৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে উক্ত ধনৰাশি জব্দ কৰে ৷

তিনিগৰাকী লোকে এখন Swift Dzire বাহনত ধনখিনি লৈ আহিছিল

ফ্লায়িং স্কোৱাডৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে বাহন খনত মুঠ তিনিগৰাকী ব্যক্তি আছিল ৷ ব্যক্তি কেইগৰাকীয়ে উক্ত ধনৰাশি ব্যৱসায়িক সূত্ৰে লগত অনা বুলি দাবী কৰে যদিও তাৰ সমৰ্থনত উপযুক্ত তথ্য প্ৰমাণ দিবলৈ অসমৰ্থ হোৱাত ফ্লায়িং স্কোৱাডে ধনৰাশি জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাত উপযুক্ত নথি-পত্ৰ অবিহনে 50 হাজাৰতকৈ অধিক নগদ ধন সৰবৰাহত নিষেধাজ্ঞা আছে ৷

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনঃ শোণিতপুৰত নগদ ১,৭৮,৫০০ টকা জব্দ

ABOUT THE AUTHOR

...view details