ধুবুৰী, 29 আগষ্টঃ ভাৰত বাংলা সীমান্তৰ দক্ষিণ শালমৰা মানকাচাৰ জিলাত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ ৰমৰমীয়া বেহা।এচাম অসাধু চক্ৰই সীমান্তৱৰ্তী জিলা খনেদি কার্টনে কার্টনে ড্ৰাগছ জাতীয় ঔষধ সমূহ সুযোগ বুজি বাংলাদেশলৈ চালান দি আহিছে।
মানকাচাৰত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ
মানকাচৰ - হাটশিঙিমাৰী গড়কাপ্তানি পথৰ নিউ মাৰ্কেট এলেকাৰ পৰা উদ্ধাৰ হয় এই ড্ৰাগছ জাতীয় টেবলেট সমূহ ।
নিচা জাতীয় টেবলেট জব্দ
তেনে সময়তে বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। মানকাচাৰ - হাটশিঙিমাৰী গড়কাপ্তানি পথৰ নিউ মাৰ্কেট এলেকাৰ পৰা উদ্ধাৰ হয় এই ড্ৰাগছ জাতীয় টেবলেট সমূহ । ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে টেবলেট সমূহ জব্দ কৰে যদিও ঘটনাস্থলীৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী জন পলায়ন কৰিবলৈ সক্ষম হয়৷