অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰতিশোধ ! তৃণমূলৰ বিৰুদ্ধে আক্ৰমণাত্মক বিজেপি

বিজেপি কৰ্মীৰ এক অভিযানত তৃণমূলৰ কাৰ্যালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷

নিৰ্বাচনী প্ৰতিশোধ !

By

Published : May 27, 2019, 11:51 AM IST

ধুবুৰী , 27 মে':গোলকগঞ্জ সমষ্টিৰ কাষৰীয়া পশ্চিম বংগৰ কোচবিহাৰ লোকসভা সমষ্টিত বিজেপিৰ নিশীথ প্ৰামানিকে তৃণমূল কংগ্ৰেছক পৰাস্ত কৰি জয়লাভ কৰে ৷ অভিযোগ অনুসৰি নিৰ্বাচনৰ আগমুহুৰ্তত বিজেপি কৰ্মী জন তৃণমূল কৰ্মীৰ ব্যাপক আক্ৰমণৰ সন্মুখীন হৈছিল ৷

নিৰ্বাচনী প্ৰতিশোধ !

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত তৃণমূল কৰ্মীয়ে বিভিন্ন ঠাইত নিৰ্বাচনী হিংসা সংঘটিত কৰাৰ পাচতো অৱশেষত বিজেপি দলৰে জয় লাভ হ'ল ৷ এতিয়া বিজেপি দলে জয় লাভ কৰাৰ পাচত তৃণমূল কৰ্মীয়ে সংঘটিত কৰা কাৰ্যৰ বাবে বিজেপি দলৰ কৰ্মীয়ে তৃণমূল কৰ্মীৰ ওপৰত প্ৰতিশোধ লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত তৃণমূলৰ কাৰ্যালয় এৰি তৃণমূল কৰ্মী সকলে পলায়ন কৰে ৷ আৰু এই সুযোগতে বিজেপি কৰ্মী সকলে তৃণমূল কাৰ্যালয় সমূহত অভিযান চলায় ৷ তেনে সময়তে দেওবাৰে তুফানগঞ্জৰ বাসৰাজাস্থিত তৃণমূল কাৰ্যালয়ৰ পৰা বিজেপি কৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷ এতিয়া নিৰ্বাচনৰ পিচত প্ৰতিশোধৰ জুই কেতিয়া নিৰ্বাপিত হয় আৰু পলাতক তৃণমূল কৰ্মী সকলৰ ভৱিষ্যত কি হয় সেয়াহে লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details