অসম

assam

গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন

By

Published : Jun 1, 2021, 4:29 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়েও চলায় অভিযানত ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হোৱাৰ লগতে আটক হৈছে দুজন লোক ৷

hug amount of ganja sized in Golakganj
গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন

ধুবুৰী, 1 জুন:ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ইতিমধ্যে ৰাজ্যৰ পৃথক পৃথক ঠাইত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে অন্য নিচাজাতীয় সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে আটক কৰিছে বহু সৰবৰাহকাৰীক ৷

গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে যোৱা নিশা অভিযান চলাই প্ৰায় এক লাখ টকা মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে গোলকগঞ্জৰ পোকালাগি গাঁৱত অভিযান চলাইছিল । উক্ত অভিযানতে আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গাঁওখনৰ পিযুষ চন্দ্ৰ মদক আৰু অজিত চন্দ্ৰ মণ্ডল নামৰ দুই যুৱকক আটক কৰে ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন যুৱক দুজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details