ধুবুৰী, 8 আগষ্ট:ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি (75th Independence Day) উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi Ka Amrit Mahotsav) ৷ সেই উপলক্ষে ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়াললৈ সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে স্বাধীনতা সংগ্ৰামীৰ বাসগৃহত উপস্থিত হয় ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দল । লগতে ধুবুৰী ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক সঞ্জীত সৰকাৰৰ নেতৃত্বত সঁজাতি দলটোৱে ধুবুৰীৰ গাড়ীখানা ৰোডস্থিত স্বাধীনতা সংগ্ৰামীৰ বাসগৃহত উপস্থিত হয় (Honor to family of freedom fighters) ।
উল্লেখ্য যে, ১৯০৮ চনত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ মৃত্যু হয় ১৯৯৫ চনত । কলিকতাত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীগৰাকী জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বৰাজ প্ৰতিষ্ঠাৰ উদ্দেশ্যে খিলাফৎ আৰু অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল । ইয়াৰ পিছত ১৯২৩ চনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ স্বৰাজ দলৰ আহ্বানত ব্ৰিটিছ সম্ৰাজ্যৰ বিৰুদ্ধে তাৰকেশ্বৰ সত্যাগ্ৰহ আন্দোলনত অংশ লৈ প্ৰথমে কাৰাগাৰলৈ গৈছিল । তাৰ পিছৰ পৰাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণেৰে তেওঁ সংগ্ৰাম অব্যাহত ৰাখিছিল ।