অসম

assam

ETV Bharat / state

চুপাৰী কিলাৰেৰে হত্যা হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক

হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰ বিশ্বজিত পাটগিৰি আৰু অৰ্নল পাটগিৰিক আটক ৷ মাটি-বাৰী সংক্ৰান্তীয় কাজিয়াৰ পৰিণতিতে চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল চিকিৎসকগৰাকীক ।

ৰবেন ৰায় হত্যাৰ নতুন মোৰ

By

Published : Apr 26, 2019, 11:50 AM IST

বিলাসীপাৰা, 26 এপ্ৰিল : পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাৰ হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায় হত্যাৰ নতুন মোৰ ৷ চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল হোমিঅ' চিকিৎসকগৰাকীক ৷ হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰ বিশ্বজিত পাটগিৰি আৰু অৰ্নল পাটগিৰিক আটক ৷ চাপৰ আৰক্ষীয়ে পিতা-পুত্ৰক আটকৰ পাচতেই পোহৰলৈ আহিছে এই তথ্য ৷ ইপিনে এই হত্যাকাণ্ডৰ লগত আলোচনাপন্থী এটা উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

ৰবেন ৰায় হত্যাৰ নতুন মোৰ

মাটি-বাৰী সংক্ৰান্তীয় কাজিয়াৰ পৰিণতিতে চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল চিকিৎসকগৰাকীক । তিনিজনকৈ কিলাৰে পিস্তলেৰে গুলীওৱাৰ উপৰিও চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিছিল ৰবেন ৰায়ক । তদন্তৰ খাতিৰত আৰক্ষীয়ে চুপাৰী কিলাৰৰ নাম প্ৰকাশ নকৰিলেও নিশ্চিতভাৱে অতি শীঘ্ৰে জালত পৰিব চুপাৰী কিলাৰৰ গেংটো । উল্লেখ্য যে, 16 এপ্ৰিলৰ নিশা পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড ।

ABOUT THE AUTHOR

...view details