অসম

assam

ETV Bharat / state

চফ্টৱেৰৰ সহায়ত গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া...

গৃহৰক্ষী জোৱানক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ ৷ Home guard development system নামৰ চফ্টৱেৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গৃহৰক্ষী জোৱানক ৷

By

Published : May 6, 2019, 6:46 PM IST

গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া

ধুবুৰী, 6 মে' : অসম আৰক্ষীৰ সমান্তৰালকৈ গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে গৃহৰক্ষী জোৱানক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নতুন পদক্ষেপ ৷ Home guard development system নামৰ চফ্টৱেৰেৰে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ গৃহৰক্ষী জোৱানক ৷ আজিৰে পৰা অসমৰ ভিতৰত প্ৰথম আৰম্ভণি হ'ল ধুবুৰীত । ধুবুৰীত দুজনকৈ গৃহৰক্ষী জোৱানক আজি নিযুক্তি প্ৰদান কৰে ধুবুৰী জিলা গৃহৰক্ষী বাহিনীৰ জিলা শীৰ্ষ বিষয়া হেমন্ত চেদাইয়ে । অসম গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ে প্ৰস্তুত কৰা এই বিশেষ চফ্টৱেৰটোৱে নিজেই পর্যায়ক্ৰমে নিযুক্তি নোপোৱা গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়াৰ আপডেট দিব । এই আধুনিক চফ্টৱেৰটোৱেৰে নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি উল্লেখ জিলা গৃহৰক্ষী বাহিনীৰ জিলা সমাদেষ্টা হেমন্ত চেদাইৰ ৷ ইপিনে এনে আধুনিক চফ্টৱেৰৰ জৰিয়তে নিযুক্তি পাই সন্তুষ্টি প্ৰকাশ গৃহৰক্ষী জোৱানসকলৰ ৷

গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details