ধুবুৰী,9মাৰ্চ:আজি ৰঙৰ উৎসৱ ফাকুৱা । ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী । বিভিন্ন আবিৰৰ ৰঙে ৰঙীন হৈ পৰে ধুবুৰী জিলাও । ধুবুৰীত এইবাৰ প্ৰথমবাৰৰ বাবে হোলী উপলক্ষে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নতুনকৈ গঠন হোৱা "নৃত্যাঙ্গন" গোটৰ উদ্যোগত ধুবুৰী ৰাজীৱ গান্ধী শিশু উদ্যানত বসন্ত উৎসৱৰ আয়োজন কৰা হয় ।
ধুবুৰীত ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি 'বসন্ত উৎসৱ' আয়োজন - বসন্ত উৎসৱৰ আয়োজন কৰা হয়
ধুবুৰী জিলাত ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বসন্ত উৎসৱৰ ৷ এই উৎসৱত অংশগ্ৰহণ কৰে অঞ্চলটোৰ পুৰুষ, মহিলা, শিশু-বৃদ্ধ সকলোৱে ৷
ধুবুৰীত ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি বসন্ত উৎসৱ আয়োজন
লোকে লোকৰণ্য হৈ পৰা এই অনুষ্ঠানত সত্ৰীয়া নৃত্য, বিহু নৃত্য, ৰাজস্থানী নৃত্য আৰু ৰাধা কৃষ্ণৰ নৃত্য ভংগীমাৰ লগতে গোৱালপৰীয়া লোক নৃত্য আদি প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ শতাধিক লোকে ৷