অসম

assam

ETV Bharat / state

অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল চাপৰৰ কাজিপাৰা জামে মছজিদ - বিধায়ক

অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল নামনি অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ ঐতিহাসিক কাজিপাৰা জামে মছজিদ ৷ এই আঁচনিৰ অধীনত বছৰি 2.50 লাখ টকা লাভ কৰিব মছজিদ কমিটীয়ে ৷

Historical Kazipara Jama Masjid of Chapar has been included in the Assam Darshan Scheme of the state government.
অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল চাপৰৰ কাজিপাৰা জামে মছজিদ

By

Published : Sep 10, 2020, 4:55 PM IST

পূৱ বিলাসীপাৰা, 10 ছেপ্টেম্বৰ :অসম চৰকাৰৰ অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল নামনি অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ ঐতিহাসিক কাজিপাৰা জামে মছজিদৰ নাম । বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে কাজিপাৰা জামে মছজিদ প্ৰাঙ্গনত উপস্থিত হৈ কাজিপাৰা জামে মছজিদ কমিটীক এই আঁচনিৰ বিষয়ে অৱগত কৰে ।

অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল চাপৰৰ কাজিপাৰা জামে মছজিদ

অসম দৰ্শন আঁচনিৰ অধীনত মছজিদ কমিটীয়ে এককালীন 10 লাখ টকা অনুদান লাভ কৰাৰ লগতে বছৰি 2.50 লাখ টকা অনুদান লাভ কৰিব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । বিধায়ক গৰাকী মছজিদৰ চাৰিসীমা পৰ্যবেক্ষণ কৰি মছজিদ কমিটীৰ সদস্য সকলৰ লগত মত বিনিময় কৰে ।

অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল চাপৰৰ কাজিপাৰা জামে মছজিদ

লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details