অসম

assam

ETV Bharat / state

অস্তিত্বৰ সংকটত গৌৰীপুৰৰ চাৰিশবছৰীয়া ৰাজবাৰী - ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা

চাৰিশ বছৰ পুৰণি ঐতিহাসিক গৌৰীপুৰৰ ৰাজবাৰী এতিয়া অস্তিত্বৰ সংকটত ৷ ভিন্ন দেশী বিদেশী পৰ্যটকৰ এই ঐতিহাসিক পৰ্যটনস্থলীৰ আন্তঃগাথনিয়ে সম্প্ৰতি চিন্তিত কৰি তুলিছে পৰ্যটককে ধৰি ৰাজ পৰিয়ালৰ ৷

historical gauripur rajbari is in endangered situation
historical gauripur rajbari is in endangered situation

By

Published : Jun 17, 2020, 9:32 PM IST

ধুবুৰী, 17 জুনঃ এখিলা এখিলাকৈ খহিবলৈ ধৰিছে চাৰিশ বছৰ পুৰণি ঐতিহাসিক গৌৰীপুৰৰ ৰাজবাৰী৷ সোতৰশ শতিকাৰ প্ৰথম ভাগতে গৌৰীপুৰত থিতাপি লৈছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই ৷ তেৱেঁই গৌৰীপুৰৰ বৰুৱা পট্টিত নিৰ্মাণ কৰিছিল ইতিহাস প্ৰসিদ্ধ এই ৰাজবাৰী ৷ চীনা শিল্পী আৰু কলকাতাৰ শিল্পীৰ হাতৰ পৰশত আটকধুনীয়াকৈ প্ৰাণ পাই উঠিছিল এই ঐতিহাসিক ৰাজ প্ৰাসাদে ৷ তাৰ পৰৱৰ্তী সময়ত ইংৰাজ ৰাজত্ব কালত ১৯১৪ চনত চীনা শিল্পীৰ নিপুণ হাতৰ পৰশত গঢ় লৈ উঠিছিল গৌৰীপুৰ ৰজাৰ হাৱা মহল ৷

অস্তিত্বৰ সংকটত গৌৰীপুৰৰ ৰাজবাৰী

বৰ্তমান ৰাজবাৰীৰ তিনি মহলীয়া অন্দৰ (ভিতৰ) মহলৰ মূল অট্টালিকাত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ পৰিয়াল থকাৰ বিপৰীতে, বহিঃ মহলত থকা অট্টালিকাত ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ পৰিয়ালে বসবাস কৰে ৷ ইয়াৰোপৰি গৌৰীপুৰৰ মাটিয়াবাগৰ পাহাৰৰ টিলাৰ ওপৰত থকা ৰাজবাৰীৰ হাৱা মহলত বসবাস কৰে ৰজাৰ কণিষ্ঠ ভাতৃ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ পৰিয়ালে ৷ এই হাৱা মহলৰ লগতে জড়িত হৈ আছে ৰজাৰ কনিষ্ঠ ভাতৃ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ কন্যা, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ বহু সৃষ্টিৰাজি আৰু স্মৃতি ৷ কিন্তু সম্প্ৰতি কালৰ গৰাহত বিলীন হোৱাৰ পথে ইয়াৰ লগত জড়িত আপুৰুগীয়া ইতিহাস ৷

ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই গৌৰীপুৰৰ বৰুৱা পট্টিত নিৰ্মাণ কৰিছিল ইতিহাস প্ৰসিদ্ধ এই ৰাজ প্ৰাসাদ

গৌৰীপুৰৰ ৰজাই হাতীৰ পিঠিত উঠি চিকাৰ কৰিবলৈ যোৱা উদাহৰণ আজিও স্পষ্ট হাৱা মহলত ৷ ৰাজ পৰিয়ালে নিজাববীয়াকৈ ৰজাদিনীয়া আপুৰুগীয়া সম্পদ সমূহ সংৰক্ষণৰ চেষ্টা কৰিছে যদিও, ক্ৰমাৎ সেইবোৰ বিলীন হ'ব ধৰিছে কালৰ গৰাহত ৷

সংৰক্ষণৰ অভাৱত সময়ৰ গৰাহত বিলীন হোৱাৰ দিশে ঐতিহাসিক সমলবোৰ

বিগত ত্ৰিশ বছৰৰ পৰা গৌৰীপুৰৰ ৰাজবাৰী আৰু হাৱা মহল পৰ্যটন ক্ষেত্ৰ হিচাপে সংৰক্ষণৰ দাবী জনাই আহিছে ৰাজ পৰিয়ালৰ লোকে ৷ কিয়নো এই ৰাজবাৰী পৰিদৰ্শনৰ বাবে আহে বহু পৰ্যটক ৷ কিন্তু অগপৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈ কোনো এখন চৰকাৰেই আশ্বাসৰ প্ৰদানৰ বাদে অইন কোনো কাম কৰা নাই এই ৰাজবাৰীৰ ঐতিহ্য সংৰক্ষণৰ বাবে ৷ এই অভিযোগ ৰাজ পৰিয়ালৰ সদস্যৰ ৷

গৌৰীপুৰৰ ৰাজবাৰী এতিয়া অস্তিত্বৰ সংকটত

ইতিহাসৰ স্বাক্ষৰ বহনকাৰী এই ঘৰ কেইটাৰ আন্তঃগাথনিয়ে সম্প্ৰতি চিন্তিত কৰি তুলিছে পৰ্যটক সকলকো ৷ ৰাজ পৰিয়ালৰ চৰকাৰৰ ওচৰত আহ্বান অতি শীঘ্ৰেই এই ইতিহাস প্ৰসিদ্ধ ঘৰসমবহ সংৰক্ষণ কৰি যাতে গৌৰীপুৰৰ গৰিমা যুগমীয়া কৰি ৰাখে ৷

লগতে পঢ়কঃলক ডাউনত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ

ABOUT THE AUTHOR

...view details