অসম

assam

"হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল কংগ্ৰেছ দলৰ এজেণ্ট"

By

Published : Apr 6, 2019, 10:15 AM IST

শুকুৰবাৰে 4 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা ব্লক আৰু নায়েৰ আলগা ব্লকত দুখন নিৰ্বাচনী কৰ্মী সভা অনুষ্ঠিত হয় ৷ এই নিৰ্বাচনী কৰ্মীসভাত অংশলৈ কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰী

বিলাসীপাৰা, 6 এপ্ৰিল : "হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল কংগ্ৰেছ দলৰ এজেণ্ট" ৷ শুকুৰবাৰে 4 নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে দুখনকৈ নিৰ্বাচনী কৰ্মী সভাত অংশলৈ এই মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰী

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন আন লোকসভা সমষ্টিৰ লগতে 4 নং সোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো নিৰ্বাচনী কৰ্মীৰ কুচকাৱাজ আৰম্ভ হৈছে ৷ ইয়াৰে অংশ হিচাপে শুকুৰবাৰে বিয়লি 4 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা ব্লক আৰু নায়েৰ আলগা ব্লকত দুখন নিৰ্বাচনী কৰ্মী সভা অনুষ্ঠিত হয় ৷ এই সভা খনত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ লগতে জিলা কংগ্ৰেছ সভাপতি উত্তম কুমাৰ সৰকাৰ , অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশ্বাহ আৰু বিভিন্ন কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ এই নিৰ্বাচনী কৰ্মী সভাত অংশ লৈ কংগ্ৰেছী প্ৰাৰ্থী জনে বিজেপি আৰু এইআই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰোপৰি এইবেলি লোকসভা নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷

ABOUT THE AUTHOR

...view details