অসম

assam

ETV Bharat / state

কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - quarantine

বিলাসীপাৰাৰ বৰকান্দা কোৱাৰেণ্টাইন কেম্প আৰু গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত নিৰ্মীয়মাণ অৱস্থাত থকা কোৱাৰেণ্টাইন কেম্পত শনিবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ৷ বৰকান্দা কোৱাৰেণ্টাইন কেম্পত কোৱাৰেণ্টাইনত থকা লোকসকলৰ স্বাস্থ্যৰ এক প্ৰতিবেদন দিল্লী চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে দিল্লী চৰকাৰৰ নিৰ্দেশমৰ্মে প্ৰতিগৰাকী কোৱাৰেণ্টাইন লোকক ২৮ দিনৰ পিছতহে মুকলি কৰি দিয়া হ’ব ৷ লগতে আগন্তুক 30 এপ্ৰিলৰ ভিতৰত ছাগলীয়া আৰু শ্ৰীৰামপুৰত এই কোৱাৰেণ্টাইন কেম্পটো সম্পূৰ্ণ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Apr 25, 2020, 5:53 PM IST

বিলাসীপাৰা, 25 এপ্ৰিল : বিলাসীপাৰাৰ বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বৰকান্দা কোৱাৰেণ্টাইন কেম্পত শনিবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কোৱাৰেণ্টাইনত থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা ৷

কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখ্য যে, বৰ্তমান কেম্পটোত ৫ গৰাকী মহিলাসহ ৫২ গৰাকী পুৰুষ কোৱাৰেণ্টাইন হৈ আছে ৷ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা বিলাসীপাৰাত উপস্থিত হোৱা ৰাজ্যৰ ৫ গৰাকী মহিলাসহ 10 গৰাকী তবলীগি জামাতীক 1 এপ্ৰিল তাৰিখে বৰকান্দা কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছিল ৷ ইয়াৰ পিছতে ধুবুৰী জিলাৰ কৰ’ণাত আক্ৰান্ত হাজী জামালুদ্দিন,ৰহিমুদ্দিন আৰু ৰছিদা বিবিৰ সংস্পৰ্শলৈ অহা মুঠ ৫২ গৰাকী লোককো বৰকান্দা কোৱাৰেণ্টাইনত ৰখা হয় ৷

কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰকান্দা কোৱাৰেণ্টাইন কেম্পত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেন্টাইন হৈ থকা লোকসকলক পৰ্যবেক্ষণ কৰে আৰু ইয়াৰ এক প্ৰতিবেদন দিল্লী চৰকাৰলৈ প্ৰেৰণ কৰিব ৷ দিল্লী চৰকাৰৰ নিৰ্দেশমৰ্মে প্ৰতিগৰাকী লোকক পৰীক্ষাৰ অন্তত অৰ্থাৎ ২৮ দিনৰ পিছতহে মুকলি কৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

ইফালে একেদিনাই গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত নিৰ্মীয়মাণ অৱস্থাত থকা কোৱাৰেণ্টাইন কেম্পৰ কামৰ বুজ ল’বলৈও উপস্থিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী । আগন্তুক 30 এপ্ৰিলৰ ভিতৰত ছাগলীয়া আৰু শ্ৰীৰামপুৰত এই কোৱাৰেণ্টাইন কেম্পটো সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে । অৱশ্যে ছাগলীয়া কোৱাৰেণ্টাইন কেম্পত 700 জন লোকক আৰু হালাকুৰা বিদ্যালয়ত ৩০০ জন লোকক কোৱাৰেণ্টাইনত ৰাখিব বুলি তেওঁ কয় ।
উল্লেখ্য যে, লক ডাউনৰ অন্তত বহিঃৰাজ্যৰ পৰা অহা অসমৰ লোক সকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক : ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ

ABOUT THE AUTHOR

...view details