অসম

assam

ETV Bharat / state

27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক - কোৱাৰেণ্টাইন

অসম-পশ্চিমবংগৰ সীমান্ত খুলি দিয়াৰ পিছত ধুবুৰী আৰু কোকৰাঝাৰ জিলাত যথেষ্ট প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৰপেটা মেডিকেল কলেজত 50 টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ধুবুৰী জিলাত কৰা হ'ব 150টা নমুনা পৰীক্ষা ৷

himanta biswa sarma addressed a press conference at chapar
27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Apr 25, 2020, 4:46 PM IST

পূৱ বিলাসীপাৰা, ২৫ এপ্ৰিলঃ 27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত ৰাজ্যত দোকান-পোহাৰ খোলা হ'ব নে নাই তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি ধুবুৰী জিলাৰ চাপৰত উপস্থিত হৈ জিলাখনৰ চাপৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, ধুবুৰী জিলাত 5 জনকৈ লোকৰ দেহত COVID19ৰ অৱস্থিতি পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত বিলাসীপাৰা,চাপৰ,ধুবুৰীত কাইলৈ ৰেণ্ডম টেষ্ট কৰা হ'ব ৷ বৰপেটা মেডিকেল কলেজত 50 টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ধুবুৰী জিলাত কৰা হ'ব 150টা নমুনা পৰীক্ষা ৷ ইয়াৰ উপৰিও অসম-পশ্চিমবংগৰ সীমান্ত খুলি দিয়াৰ পিছত ধুবুৰী আৰু কোকৰাঝাৰ জিলাত যথেষ্ট প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰে মন্ত্ৰী শৰ্মাই ৷

27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

ইপিনে বক্সিহাট আৰু শ্ৰীৰামপুৰত দুটাকৈ কোৱাৰেণ্টাইন কেম্প নিৰ্মাণ কৰি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে আজি বক্সিহাটৰ প্ৰসংগত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷ আনহাতে কোটাৰ পৰা কাইলৈ শ্ৰীৰামপুৰেদি অসমত প্ৰৱেশ কৰিব লগা 390 গৰাকী ছাত্ৰ ছাত্ৰীক শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে আৰু 8 জনকৈ লোকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিব পৰা যাব বুলি মন্তব্য কৰে ৷

27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

লগতে পঢ়কঃ ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ

ABOUT THE AUTHOR

...view details