পূৱ বিলাসীপাৰা, ১২ জুন :ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ঠিক তেনে সময়তে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চাপৰ আৰক্ষী আৰু চিআৰপিএফ (CRPF)ৰ C48 বেটেলিয়নে শুকুৰবাৰে নিশা চাপৰৰ শালকোচাত চলাই ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানকাৰী দলটোৱে শালকোচা বজাৰৰ এখন দোকানৰ পৰা 7 কেজি গাঞ্জা জব্দ কৰাৰ লগতে দেৱৰাজ বৰ্মন নামৰ এগৰাকী ব্যক্তিক আটক কৰে ৷
চাপৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিলাতী সুৰা জব্দ - বিলাসীপাৰা মহকুমা আৰক্ষী
ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ ইয়াৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা আৰু বিলাতী সুৰা ৷ আটক কেইবাজনো লোক ৷
চাপৰত বৃহৎ পৰিমানৰ গাঞ্জা সহ বিলাতী সুৰা জব্দ
বহলপুৰৰ নাথপাৰাত আন এক অভিযান চলাই 3.5 কেজি গাঞ্জাসহ 3 জন ব্যক্তি ক্ৰমে জামিনুৰ ইছলাম, বলোভদ্ৰ নাথ, চন্দ্ৰমোহন নাথক আটক কৰে আৰক্ষীয়ে ৷ আনহাতে শালকোচাৰ এঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃচাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ