ধুবুৰী, ১৬ মে': মহামাৰী কৰ'ণাৰ আতংকৰ মাজতে শনিবাৰে নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰ্ণী বতাহে তাণ্ডৱ চলায় ৷ ধুমুহাৰ তাণ্ডৱত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হ'ল ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল ৷
ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষয়-ক্ষতি নিশা অহা প্ৰচণ্ড ঘূৰ্ণী বতাহে তচনচ কৰে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনিৰ লগতে বিদ্যুতৰ খুঁটা ৷ ঘূৰ্ণী বতাহত ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত বিস্তৰ ক্ষতিসাধন হয় ।
ধুমুহাৰ ফলত গাঁওখনৰ প্ৰায় ২০ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষয়-ক্ষতি হয় । বিদ্যুতৰ তাৰ, খুঁটা উভালি পৰাৰ লগতে ধুমুহাৰ ফলত গছ-গছনিও ভাঙি পৰাৰ ফলত গাঁওখনত বিস্তৰ ক্ষতিসাধন হয় ৷
কৰ'ণা আৰু মিনি লকডাউনৰ বাবে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱাৰ সময়তে প্ৰচণ্ড ঘূৰ্ণী বতাহে বহু পৰিয়ালৰ সা-সামগ্ৰী নষ্ট কৰে ।
লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ