বিলাসীপাৰা, 24 জুনঃখাদ্য সামগ্ৰী ওভতাই পঠিয়ালে এটা কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকে ৷ সম্প্ৰতি গৰু-ছাগলীয়ে ভক্ষণ কৰিছে সেইসমূহ খাদ্য ৷ 20 জুনত কেৰালাৰ পৰা আহিছিল সেই কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকল ৷ কেন্দ্ৰটোত থকা লোকসকলৰ বাবে কৰ্তৃপক্ষই অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিলাসীপাৰাৰ গোৱৰ্ধনপাৰাৰ এম.ভি বিদ্যালয়ত স্থাপিত কোৱৰেণ্টাইন কেন্দ্ৰত ৷
বিলাসীপাৰাৰ কোৱৰেণ্টাইন কেন্দ্ৰত নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ - নিম্নমানৰ খাদ্য
নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ উত্তপ্ত পৰিস্থিতি বিলাসীপাৰাৰ গোৱৰ্ধনপাৰাৰ এম.ভি বিদ্যালয়ত স্থাপিত কোৱৰেণ্টাইন কেন্দ্ৰৰ লোকসকলৰ মাজত ৷
![বিলাসীপাৰাৰ কোৱৰেণ্টাইন কেন্দ্ৰত নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ heated situation in quarantine center of bilashipara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7749159-thumbnail-3x2-kk.jpg)
heated situation in quarantine center of bilashipara
বিলাসীপাৰাৰ কোৱৰেণ্টাইন কেন্দ্ৰত নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ
খাদ্য সামগ্ৰীৰ নিম্ন মানদণ্ডক লৈ উত্তপ্ত হৈ পৰা লোকসকলৰ কাষত পৰৱৰ্তী সময়ত উপস্থিত হয়, যোগান বিভাগৰ পৰিদৰ্শক নিত্য গোপাল সাহা ৷ পৰিদৰ্শক গৰাকী ঘটনাস্থলীত উপস্থিত হৈ কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা লোকসকলক ভাল খাদ্য সামগ্ৰী যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰাৰ পিচতহে পৰিস্থিতি কিছু সাম কাটে ৷
লগতে পঢ়কঃদৰঙত সংবাদকৰ্মীৰ স্বাৱ পৰীক্ষা সম্পন্ন