ধুবুৰী, ১১আগষ্ট:দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi ka Amrit Mahotsav)লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga) কাৰ্যসূচী । ইয়াৰ সৈতে সংগতি ৰাখি ধুবুৰীত আজাদী কা অমৃত মহোৎসৱৰ(Har Ghar Tiranga Rally in Dhubri) কাৰ্যসূচী ৰূপায়ন কৰা হয় । শুকুৰবাৰে ধুবুৰীৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়,আৰক্ষী আৰু দল-সংগঠনে ‘হৰ ঘৰ ত্ৰিৰংগা’ যাত্ৰাৰ সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । 'বন্দে মাতৰম্','ভাৰত মাতা কি জয়' ধ্বনিৰে মুখৰিত হয় ধুবুৰীৰ চৌদিশ।
ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনে ‘হৰ ঘৰ ত্ৰিৰংগা’ যাত্ৰা উলিয়ায় । ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়,ধুবুৰী বিদ্যাসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে ধুবুৰীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ উদ্যোগত ধুবুৰী চহৰখনত কেইবাটাও সমদল উলিওৱা হয় । প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ 'বন্দে মাতৰম্','ভাৰত মাতা কি জয়'ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে । দেশৰ স্বাভিমান জাতীয় পতাকাৰে ৰঙীন হৈ পৰে ধুবুৰী ।