ধুবুৰী,15 নৱেম্বৰঃ দেওবাৰে বিটিএডিৰ পৰ্বতঝৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্র সমালোচনাৰ লক্ষ্য কৰি লয় বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিগত পোন্ধৰ বছৰৰ পৰা হিমন্তই মুখ্যমন্ত্ৰী হ’বলৈ বিচাৰিছে যদিওঁ সফল হ’ব পৰা নাই । যাৰ বাবে এতিয়া বিপিএফত যোগ দি বিটিচিৰ চীফ হ’ব বিচাৰিছে বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক ।
ইপিনে মন্ত্ৰী হিমন্তই হাগ্ৰামাক মেকুৰী আখ্যা দিয়াৰ পিচত দেওবাৰে হিমন্তক উভতি ধৰি মন্ত্ৰী হিমন্তক মেকুৰী আৰু ডকাইত আখ্যা দিয়ে হাগ্ৰামাই। উল্লেখ্য যে, বিটিচি চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে দিয়া অনুদানৰ বৃহৎ অংশ চুৰ কৰি ডকাইতি কৰি হিমন্তই কংগ্ৰেছৰ দিনতো খাই আছে আৰু বৰ্তমানেও খাই আছে বুলি মন্তব্য কৰা দেখা যায় হাগ্ৰামাক। লগতে হাগ্ৰামাই কয়, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আগবঢ়োৱা অনুদানৰ ১২.১৯ শতাংশ টকা বিটিচিয়ে পাব লাগে যদিওঁ বিটিচিক কেৱল ৩.৬ শতাংশ টকা বৰ্তমানে পাই আছে বুলি কৈ বাকী থকা টকাখিনি কেন্দ্ৰীয় চৰকাৰে দিলেও হিমন্তই চুৰি ডকাইতি কৰি খাই আছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে।