অসম

assam

By

Published : Jun 18, 2020, 12:37 PM IST

ETV Bharat / state

আজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

ছাত্ৰ জনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনে অধ্যয়ন কৰা চাপৰ উচ্চতৰ মাধমিক বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে পিতৃ গাজী ৰহমান ৷ ছাত্ৰজনৰ ভৱিষ্যতৰ উচ্চ শিক্ষাৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ আশ্বাস দিছে আজমল ফাউণ্ডেচনে ৷

Habibur Rahman got seat in Ajmal super 40
আজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

বিলাসীপাৰা,18 জুন: আৰ্থিক দৈন্যতাক নেওচি পূৱ বিলাসীপাৰাত উজলিছে এগৰাকী মেধাৱী ছাত্র ৷ শেহতীয়াকৈ আজমল চুপাৰ 40 ত আসন লাভ কৰিছে পূৱ বিলাসীপাৰাৰ চাপৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমান সৰকাৰে ৷ ছাত্ৰ জনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনে অধ্যয়ন কৰা চাপৰ উচ্চতৰ মাধমিক বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে পিতৃ গাজী ৰহমান ৷ ছাত্ৰজনৰ ভৱিষ্যতৰ উচ্চ শিক্ষাৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ আশ্বাস দিছে আজমল ফাউণ্ডেচনে ৷

উল্লেখ্য যে, 2020 চনৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু ঐচ্ছিক বিষয়ত সৰ্বোচ্চ 100 নম্বৰকৈ লাভ কৰি মুঠ 90.5 % নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছাত্র গৰাকী ৷ ভৱিষ্যতে এজন মানৱ সেৱক হোৱাৰ ইচ্ছা হাবিবুৰ ৰহমানৰ ৷ উল্লেখ্য যে, ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰি অত্যন্ত কষ্টৰে ছাত্ৰজনক পঢ়াৰ সুবিধা আগবঢ়াই গৈছে ছাত্ৰজনৰ পিতৃ গাজী ৰহমানে ৷

লগতে পঢ়কঃ গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

ABOUT THE AUTHOR

...view details