অসম

assam

ETV Bharat / state

নৱম গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱসঃ ধুবুৰীলৈ বিশেষ ৰেল

গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে '05917' নম্বৰৰ এখন বিশেষ ৰেল ডিব্ৰুগড়ৰৰ পৰা ধুবুৰীলৈকে চলিব ৷ মঙলবাৰে গুৰুদ্বাৰত অনুষ্ঠিত হোৱা গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তীৰ অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এডিচনেল ডিভিজনেল ৰেলৱে মেনেজাৰ চমুকৈ ADRM মনোজ কুমাৰ জিন্দাল আৰু বাণিজ্যিক শাখা প্ৰবন্ধক ৰমেশ মাহতাই সদৰী কৰিলে এই তথ্য ।

By

Published : Nov 13, 2019, 9:38 AM IST

ধুবুৰী লৈ বিশেষ ৰে'ল

ধুবুৰী, 13 নৱেম্বৰঃ শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱসলৈ মাজত বাকী কেইটামান দিন । ৩৪৪ তম শ্বহীদ দিৱসকলৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গুৰুদ্বাৰত । অহা ২৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ'ব শ্বহীদ দিৱস । ইয়াৰ বাবে অঞ্চলটোত সমাগম হ'ব দেশ বিদেশৰ বহু ভক্ত আৰু পৰ্যটক । ইয়াৰ প্ৰতি লক্ষ্য কৰি বিগত বছৰৰ দৰে এইবেলিও ভাৰতীয় ৰেল বিভাগৰ উত্তৰ পূৱ সীমান্ত ৰেলৰ তৰফৰ পৰা এখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে । গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে '05917'নম্বৰৰ এখন বিশেষ ৰেল ডিব্ৰুগড়ৰৰ পৰা ধুবুৰীলৈকে চলিব ৷ মঙলবাৰে গুৰুদ্বাৰত অনুষ্ঠিত হোৱা গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তীৰ অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এডিচনেল ডিভিজনেল ৰেলৱে মেনেজাৰ চমুকৈ ADRM মনোজ কুমাৰ জিন্দাল আৰু বাণিজ্যিক শাখা প্ৰবন্ধক ৰমেশ মাহতাই সদৰী কৰিলে এই তথ্য । ২৯ নৱেম্বৰৰ পুৱা আঠ বজাত ধুবুৰী ৰেলৱে ষ্টেচনত ৰেলখন উপস্থিত হ'ব বুলিও জনায় মনোজ কুমাৰ জিন্দালে ।

ধুবুৰী লৈ বিশেষ ৰে'ল

ABOUT THE AUTHOR

...view details