ধুবুৰী,17 ডিচেম্বৰঃউখল মাখল ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ। শিখ ধৰ্মৰ নৱম গুৰু,গুৰু টেগ বাহাদুৰৰ ৩৪৫ তম শ্বহীদ দিৱস পালন ধুবুৰী গুৰুদ্বাৰত। আন আন বাৰৰ দৰে এইবেলিও তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালোহেৰে পালন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰুৰ শ্বহীদ দিৱস। শ্বহীদ দিৱস উপলক্ষে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তৰ সমাগম হৈছে ধুবুৰী গুৰুদ্বাৰত।
ধুবুৰীত গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস উদযাপন - কোভিড-১৯
মহাপুৰুষৰ মিলন ভূমি ঐতিহাসিক ধুবুৰী চহৰ। শিখ ধৰ্মৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় প্ৰতিষ্ঠান ধুবুৰীৰ গুৰুদ্বাৰত উখল মাখল পৰিৱেশ। ন সাঁজত সজাই পৰাই তোলা ধুবুৰীৰ গুৰুদ্বাৰ লোকাৰণ্য হৈ পৰিছে। কাৰণ প্ৰতিবাৰৰ দৰে এইবেলিও আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস।

সেই মতে এটা সময়ত কলা যাদু আৰু কু সংস্কাৰ আঁতৰাই শান্তি প্ৰতিষ্ঠা কৰিছিল ধুবুৰীত। তেতিয়াৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ধ্যান কৰি ঈশ্বৰক উপাসনা কৰিছিল গুৰু টেগ বাহাদুৰে। যদিও পৰৱৰ্তী সময়ত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰ পাই পাটনাত থকা ঘৰলৈ উভতি যাওতে মোগল সম্ৰাট ঔৰংগজেৱৰ হাতত বন্দী হয় আৰু আজিৰ পৰা ৩৪৫ বছৰ পূৰ্বে বন্দীত্ব কালতেই শ্বহীদ হৈছিল গুৰু টেগ বাহাদুৰ। তেতিয়াৰ পৰাই প্ৰতিবছৰে ধুবুৰী গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শ্বহীদ দিৱস।
লগতে চাওকঃঅসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ