অসম

assam

By

Published : Apr 22, 2020, 1:34 PM IST

ETV Bharat / state

৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ ধুবুৰীৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ

দীঘলীয়া লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ। লক ডাউন অব্যাহত থকাৰ সময়তেই পৰিৱেশ কিছু পৰিমানে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব ধুবুৰীত । কাৰণ আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীক লৈ খোলা থাকিব ধুবুৰীৰ প্ৰতিটো চৰকাৰী কাৰ্য্যালয়।

govt-offices-reopened-in-dhubri
৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ ধুবুৰীৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ

ধুবুৰী, 22 এপ্ৰিল: লক ডাউন আৰু কৰ‘ণাতংকৰ বাবে ৰাজ্যৰ আন জিলাৰ লগতে ধুবুৰী জিলাৰ সমূহ চৰকাৰী কাৰ্যালয় বন্ধ ৰখা হৈছিল । ৰাজ্যৰ আন চাৰিখন জিলাৰ লগতে ধুবুৰী জিলাত মুঠ চাৰিজনকৈ লোকৰ দেহত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে জিলাখনক ৰেড জ‘নত অন্তৰ্ভুক্ত কৰি অধিক কঠোৰ হৈছিল প্ৰশাসন । ইতিমধ্যে ৰাজ্যত ৰেড জ‘নত থকা মুঠ পাঁচ খন জিলাৰ বাহিৰে আন জিলা সমূহত লক ডাউন কিছু শিথিল কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । ইপিনে ধুবুৰী জিলা খনত বিগত এটা সপ্তাহে কোনো লোকে কোভিড-১৯ত সংক্ৰিমত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা জিলা খনৰ উপায়ুক্তৰ কাৰ্যালয়কে আদি কৰি প্ৰতিটো চৰকাৰী কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে । কিন্তু কাৰ্যালয়ত উপস্থিত থাকিব কেৱল ৩৩ শতাংশ কৰ্মচাৰী । লগতে কৰ্মচাৰী সকলৰ বৰ্তাই ৰাখিব লাগিব সামাজিক দুৰত্বৰ লগতে কৰ‘ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ সকলো ধৰণৰ সতৰ্কতামূলক কাৰ্যপন্থা ।

৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ ধুবুৰীৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ
উল্লেখযোগ্য যে,ধুবুৰীত চাৰিজনকৈ লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে জিলাখন ৰেড জ‘নত থকাৰ ফলত একাংশ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হোৱাত ভয় শংকা অনুভৱ কৰিছে যদিও নিজে সজাগ হৈ সামাজিক দুৰত্ব বৰ্তাই ৰাখিব লাগিব বুলিও একাংশই মন্তব্য কৰে ।লগতে পঢ়ক : বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details