অসম

assam

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ

By

Published : Nov 3, 2019, 10:44 PM IST

অসমৰ শিক্ষা ব্যৱস্থাত ব্যপক বিশৃংখলতাই বিৰাজ কৰাৰ অভিযোগৰ উপৰিও শেহতীয়াকৈ লক্ষাধিক ৰন্ধন কৰ্মীক অস্থায়ী চাকৰিৰ পৰা বিতাড়িত কৰি মধ্যাহ্ন ভোজনৰ সকলো দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আজি বি টি চিৰ এবিআমছুৰ পৰ্বতঝৰা জিলা সমিতিৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদঃমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তোলিকা দাহ

গৌৰীপুৰ, 3 নৱেম্বৰঃ ধুবুৰীৰ গৌৰীপুৰত জ্বলিল অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা ৷ অসমৰ শিক্ষা ব্যৱস্থাত ব্যপক বিশৃংখলতাই বিৰাজ কৰাৰ অভিযোগৰ উপৰিও শেহতীয়াকৈ লক্ষাধিক ৰন্ধন কৰ্মীক অস্থায়ী চাকৰিৰ পৰা বিতাড়িত কৰি মধ্যাহ্ন ভোজনৰ সকলো দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আজি বি টি চিৰ এবিআমছুৰ পৰ্বতঝৰা জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ গৌৰীপুৰৰ চুপাৰিঘাটত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷

গৌৰীপুৰত এবিএমছুৰ প্ৰতিবাদ

আনহাতে, ৰান্ধনীসকলৰ ঠিকাভিত্তিক ভাৱে হ’লেও চাকৰি বাহাল ৰখাৰ দাবী উত্থাপন কৰে পৰ্বতঝোৰা এবিএমছুৱে ৷ এই দবীসমূহ পূৰণ ন’হলে অনাগত দিনত সমগ্ৰ বিটিচি তথা অসমত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এবিআমছুৱে ৷

ABOUT THE AUTHOR

...view details