অসম

assam

প্ৰয়োজন হ’লে আমি বাঘ হাজৰিকা হ’ম: গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ

By

Published : Dec 2, 2019, 10:38 AM IST

নাগৰকিত্ব সংশোধনী বিধেয়কক লৈ সৰৱ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ ৷ অসমত কেতিয়াও ‘কেব’ আনিবলৈ নিদিও বুলি হুংকাৰ সংগঠনটোৰ ৷

গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ
গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ

বিলাসীপাৰ, 2 নৱেম্বৰ: কেবক লৈ সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতেই বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ ভেলাকোৱাত অনুষ্ঠিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাংগঠনিক কৰ্মশালাত হুংকাৰ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৷ প্ৰয়োজন হ’লে আমি গৰিয়া মৰিয়া দেশীসকলে একোজন কৈ বাঘ হাজৰিকা হ’ম, কিন্তু অসমত কেতিয়াও ‘কেব’ আনিবলৈ নিদিও বুলি মন্তব্য কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানে ৷

গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ হুংকাৰ

দেওবাৰে বিয়লি বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ ভেলাকোৱাত অনুষ্ঠিত পৰিষদৰ সাংগঠনিক কৰ্মশালা আৰু মুকলি সভাত উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ লগতে কয়,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী সকলৰ নাম যদি সন্নিবিষ্ট নহয় আমি শুদাই নেৰো ৷ জাতি ৰক্ষাৰ পৰা আৰম্ভ কৰি ভাষা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা এই খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী সকলক কাঁইটিয়া তাঁৰৰ বেৰৰ তলেদি অহা অবৈধ বাংলাদেশীৰে ৰিজাবলৈ কেতিয়াও দিয়া নহ’ব ৷

বিলাসীপাৰা জিলা সমিতিৰ সভাপতি শ্বাহনৱাজ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি হাফিজুল ৰহমান,মুখ্য উপদেষ্টা ডঃ মজাম্মেল হক,কোকৰাঝাৰ জিলা সভাপতি ছেলিম পাটগিৰি,বঙাইগাঁও জিলা সভাপতি ফৰিজুল হক,আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ নিৰ্মল দাস,প্ৰমুখ্য পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মী সকল ৷

লগতে চাওক-'Justice for Disha' ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ABOUT THE AUTHOR

...view details