ধুবুৰী, ২৫ ডিচেম্বৰ: দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো জিলাই জিলাই প্ৰশাসনৰ উদ্যোগত পালন কৰা হৈছে 'সু-শাসন দিৱস' । প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় । শুকুৰবাৰে 'সু-শাসন দিৱস' উপলক্ষে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতো এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানত চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন বিভাগৰ আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰোৱা হয় । ৰাইজে কিদৰে আঁচনিসমূহৰ জৰিয়তে উপকৃত হ'ব পাৰিব সেই বিষয়ে বিভাগীয় বিষয়াসকলে পৰামৰ্শ আগবঢ়ায় । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ ভাৰ্চুৱেল মাধ্যমেৰে পোনপটীয়াভাৱে শুনাৰো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয় । ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।