গোলকগঞ্জ, 18 অক্টোবৰ: গোলকগঞ্জৰ ছাগলীয়াত বন বিভাগৰ অন কেমেৰা অভিযান ৷ শুকুৰবাৰে পুৱাৰে পৰা বন বিভাগে চলোৱা অভিযানত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বৃহৎ আকাৰৰ বনৰৌ ৷ ছাগলীয়া বন বিভাগে গোপন সূত্ৰৰ আধাৰত দণ্ডাধীশৰ উপস্থিতিত ছোটোগুমাত মনিম আহমেদ নামৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ীৰ বাসগৃহত অভিযান চলায় উদ্ধাৰ কৰে বনৰৌটো ৷
গোলকগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ - Pangolin rescue from Golokganj latest news
গোলকগঞ্জৰ ছাগলীয়াত উদ্ধাৰ এটা বনৰৌ ৷ মনিম আহমেদ নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হৈ বনৰৌটো ৷
দুষ্প্ৰাপ্য বনৰৌ
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মনিম আহমেদ নামৰ লোকজনে বিভিন্ন স্থানৰ পৰা বনৰৌ আনি কোনো আন্ত:ৰাষ্ট্ৰীয় গোটৰ স'তে কলা ব্যৱসায়ত লিপ্ত হৈ থকাৰ কথা প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি চোৰাং বজাৰত জব্দাকৃত বনৰৌটোৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা বুলি জানিব পৰা গৈছে ৷