অসম

assam

ETV Bharat / state

গোলকগঞ্জ আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

গংগাধৰ নৈৰে গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা ৷ আৰক্ষীয়ে যোগান ধৰিলে নাঁৱৰ ৷

golakganj police suplies boat to students

By

Published : Oct 31, 2019, 10:29 PM IST

গোলকগঞ্জ,31 অক্টোবৰ: চৰাঞ্চলৰ শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল ধুবুৰী আৰক্ষী ৷ গংগাধৰ নৈত টুলুঙা নাঁৱেৰে যাত্ৰা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰক্ষীয়ে যোগান ধৰিলে নাঁৱৰ ৷

গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল যাত্ৰাৰে গংগাধৰ নৈ পাৰ হৈ উত্তৰ কেদাৰ সীমান্ত এল, পি স্কুললৈ আহিব লগা হৈ আছিল ৷ এই গাইখোৱা চৰৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি থকা স্থানীয় বিদ্যালয়খন ইপাৰৰ উত্তৰ কেদাৰ সীমান্ত এল, পি স্কুলৰ সৈতে চৰকাৰে একত্ৰিকৰণ কৰাত তেওঁলোকে এইদৰে নৈ পাৰ হৈ স্কুললৈ যাতায়ত কৰিবলগীয়া হৈ আছিল ৷ গোলোকগঞ্জৰ নালিয়া আৰক্ষীয়ে এইসকল কণ কণ শিশুৰ দুৰৱস্থা বুজিয়েই যোগান ধৰিছে নাঁও ৷ নাঁৱখনেৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে সুকলমে স্কুললৈ যাতায়ত কৰি নিজৰ শিক্ষাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ গোলোকগঞ্জৰ এই অঞ্চলৰ লোকসকলে নালিয়া আৰক্ষীৰ এই মহানুভৱতাৰ প্ৰশংসা কৰিছে ৷

ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰাৰ সমস্যাৰ সমাধান নালিয়া আৰক্ষীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details