ধুবুৰী, 14 জানুৱাৰী : ধুবুৰীত চিনেমাৰ কায়দাৰে অপহৰণৰ এক নাটক ৰচনা কৰি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী যুৱতী । লগতে গ্ৰেপ্তাৰ হ’ল যুৱতীগৰাকীৰ দুজন বন্ধু(Girl arrested for faking her own kidnapping) । যুৱতীগৰাকীয়ে লগৰ বন্ধু এজনৰ সৈতে মিলি নিজ পিতৃৰ পৰা ধন আদায় কৰাৰ স্বাৰ্থত হিন্দী চিনেমাৰ কায়দাৰে অপহৰণৰ এখন নাটক ৰচিছিল যুৱতীগৰাকীয়ে ৷ কিন্তু যুৱতীগৰাকীৰ পিতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা তদন্তৰ পিছতেই ওলাই পৰে উৰহি গছৰ ওৰ আৰু অনুসন্ধানৰ অন্তত আৰক্ষীয়ে ফাদিল কৰিলে এই নাটকীয় অপহৰণকাণ্ড ।
উল্লেখ্য যে যুৱতীগৰাকী ধুবুৰী বি এন কলেজত অধ্যয়নৰত এগৰাকী ছাত্ৰী ৷ ইফালে ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ আবু ছিদ্দিক আহমেদ আৰু ছফিয়ৰ ৰহমান নামৰ যুৱক দুজনৰ সৈতে একেখন মহাবিদ্যালয়ৰে সহপাঠী আছিল ছাত্ৰীগৰাকী ৷ জানিব পৰা মতে, দুদিন পূৰ্বে বন্ধু আবু ছিদ্দিক আহমেদ আৰু ছফিয়ৰ ৰহমানৰ সৈতে লগ হৈ অপহৰণৰ এখন নাটক ৰচে ধুবুৰীৰ কলেজৰোডৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা ছাত্ৰীগৰাকীয়ে ।