ধুবুৰী, 25 জুলাই :ধুবুৰীত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ জনতা । নিজৰ গাঁওখন ড্ৰাগছ মুক্ত কৰাৰ অভিযান চলাবলৈ গৈ ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হ’ল সাধাৰণ জনতা । কথমপি প্ৰাণৰক্ষা কেইবাজনো সচেতন যুৱকৰ ।
নিজৰ গাঁওখন ড্ৰাগছ মুক্ত কৰিবলৈ ধুবুৰীৰ এ.এম.কোঃ ৰোডৰ ভাষানীৰ চৰ অঞ্চলত কেইদিনমান পূৰ্বে গঠন হৈছে ড্ৰাগছ বিৰোধী সমিতি । ড্ৰাগছ মুক্ত এখন সুস্থ সমাজ গঢ়াৰ সংকল্প লৈ ড্ৰাগছ বিৰোধী সমিতিয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান । তেনে সময়তে ড্ৰাগছ বিৰোধী সমিতিৰ সচেতন যুৱকৰ দল এটাই ধুবুৰীৰ ভাষানীৰ চৰ গাঁৱৰ কচুমুদ্দিন মোৰত অভিযান চলায় ।
গাঁওখনৰ হানিফ শিকদাৰৰ ঘৰত ড্ৰাগছ সেৱন আৰু ড্ৰাগছ বিক্ৰী কৰাৰ খবৰ পাই যুৱকৰ দলটোৱে হানিফ শিকদাৰৰ ঘৰত উপস্থিত হয় । লগে লগে ড্ৰাগছ সেৱনকাৰী হানিফ শিকদাৰৰ ঘৰৰ গেটখন বন্ধ কৰি সমিতিৰ অভিযানকাৰী যুৱকৰ দলটোক চোকা অস্ত্ৰৰে হত্যা কৰাৰ ভাবুকি প্ৰদানেৰে চিঞৰিবলৈ আৰম্ভ কৰে শিকদাৰে । তৎক্ষণাৎ ঘৰৰ পৰা চোকা অস্ত্ৰ উলিয়াই লৈ ড্ৰাগছ বিৰোধী সমিতিৰ যুৱক নুৰ মহম্মদ আলীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাৰ চেষ্টা চলাই শিকদাৰে পলায়ন কৰে ।