অসম

assam

By

Published : Aug 6, 2023, 10:36 AM IST

ETV Bharat / state

Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ

অব্যাহত আছে গৌৰীপুৰকাণ্ডৰ উত্তেজনা ৷ পুনৰ আৰু এজন অভিযুক্তক আটক কৰা হৈছে ৷ শেহতীয়াকৈ আটক কৰা লোকজনৰ নাম হ’ল আশ্ৰাফ আলী ৷ ইতমধ্যে এই ঘটনা সন্দৰ্ভত মুঠ 6 জন লোকক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে ৷

Gauripur mob lynching update
অব্যাহত আছে গৌৰীপুৰকাণ্ডৰ উত্তেজনা

গৌৰীপুৰ, 6 আগষ্ট :এতিয়াও মাৰ যোৱা নাই গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ উত্তেজনা ৷ শেহতীয়া তথ্য অনুসৰি, গৌৰীপুৰকাণ্ডৰ মূল অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ শনিবাৰে মাজনিশা গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে আশ্ৰাফ আলীৰ নামৰ ব্যক্তিজনক ।

তথ্য অনুসৰি, ধৰ্মশালা অঞ্চলৰ এজন আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছিল ধৃত আশ্ৰাফ আলী । বৰ্তমানলৈকে গৌৰীপুৰকাণ্ডত জড়িত থকাৰ অভিযোগত আটক হোৱা লোকৰ সংখ্যা ছয়জন লৈ বৃদ্ধি পাইছে । ছয়জনৰ ভিতৰত আছে ৰাশিদুল ইছলাম, মোস্তাকিম ৰহমান, মইনুল হক, হাফিজুৰ ৰহমান, ছামচুল হক আৰু আশ্ৰাফ আলী ।

উল্লেখ্য যে, গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱজিৎ শৰ্মাৰ নেতৃত্বত চলি আছে এই তদন্ত । DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই এই ঘটনাৰ অভিযান তীব্ৰতৰ কৰি তোলে ধুবুৰী আৰক্ষী প্ৰশাসনে । শীঘ্ৰেই সকলো অভিযুক্ত আইনৰ মেৰপাকত সোমোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক :Gauripur mob lynching: উন্মাদ মস্তিস্কৰ এদল দানৱৰ আক্ৰমণৰ বলি শক্তি বিভাগৰ কৰ্মচাৰী; কাঠ-বাঁহেৰে নিৰ্মম প্ৰহাৰ

সকলোৰে জ্ঞাত যে, 3 আগষ্টৰ দিনা এক গোপন খবৰৰ ভিত্তিত বিদ্যুৎ বিভাগৰ তিনি কৰ্মচাৰীয়ে গৌৰীপুৰৰ ডোমৰদহ দ্বিতীয় খণ্ড অঞ্চলত চলাই এক অভিযান ৷ এই অভিযানত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে জব্দ কৰে পাঁচটা বৈদ্যুতিক মটৰ ৷

এই বৈদ্যুতিক মটৰকেইটা জব্দ কৰাই কাল হ’ল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীকেইজনৰ বাবে ৷ বৈদ্যুতিক মটৰকেইটা জব্দ কৰাৰ বাবে অঞ্চলটোৰ বহু কেইজন লোকৰ লগতে মহিলায়ো প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীকেইজনক ৷

তাৰ পাচতেই জীৱনৰ নিৰাপত্তা বিচাৰি উক্ত ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই ঘটনা সন্দৰ্ভত আৰক্ষীক আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক :Dhubri Gang attack: ধুবুৰীত বিদ্যুৎ চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী; তিনিজনক আটক

ABOUT THE AUTHOR

...view details