ধুবুৰী, 4এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিমটো দিন ৷ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী তথা ৰাজনৈতিক নেতাই চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ মানকাচৰ সমষ্টিত অন্তিম দিনা প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
মানকাচৰৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰত অংশ লয় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা, মানকাচৰৰ বিধায়ক ড৹ মতিউৰ ৰহমান মণ্ডলেও ।