অসম

assam

ETV Bharat / state

খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - পশ্চিম-বিলাসীপাৰা

প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি পশ্চিম-বিলাসীপাৰাৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সংবাদ মেল ৷ সংবাদ মেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনোৱাজ হুছেইনে কয়, গৰিয়া মৰিয়া দেশীসকলৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিবোৰতো খিলঞ্জীয়াক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি আহিছে।

খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

By

Published : Mar 11, 2021, 2:18 PM IST

পশ্চিম-বিলাসীপাৰা,11 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও প্ৰতিটো দলে সংখ্যালঘু লোকক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনোৱাজ হুছেইনে কয়, গৰিয়া মৰিয়া দেশীসকলৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিবোৰতো খিলঞ্জীয়াক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি আহিছে।

খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ইফালে প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰিও ক্ষোভ প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷ সংগঠনটোৱে ২৪ নং গৌৰীপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভৰ বাবে আবেদন কৰা খিলঞ্জীয়া প্ৰাৰ্থী ছপিয়ৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে। অন্যথা অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা নগাঁও কংগ্ৰেছঃ জ্বলিল বেনাৰ,হ'ৰ্ডিং

ABOUT THE AUTHOR

...view details