ধুবুৰী, 13 জুলাইঃ ধুবুৰীৰ গোলকগঞ্জৰ কুমাৰগঞ্জ অঞ্চলত বানৰ সংহাৰী ৰূপ। গংগাধৰ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল । গোলকগঞ্জৰ কুমাৰগঞ্জ অঞ্চলত প্ৰতিঘৰতে সোমাইছে বাঢ়নী পানী । ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈ । যাৰ ফলত গংগাধৰ নৈৰ পাৰত থকা বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে বাঢ়নী পানীৰে ।
ধুবুৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈ
ধুবুৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈৰ বাঢ়নী পানী । গংগাধৰ নৈৰ কাষতেই থকা গোলকগঞ্জৰ কুমাৰগঞ্জ অঞ্চলৰ ৰোড কাম বান্ধ অৰ্থাৎ মথাউৰীয়ে অঞ্চলবাসীলৈ আনিছে চৰম ভাবুকি । যাৰ বাবে সোমবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ মথাউৰী পৰিদৰ্শন কৰে স্থানীয় বিধায়ক অশ্বিনী ৰায় চৰকাৰে ৷
ইপিনে গংগাধৰ নৈৰ গৰাখহনীয়াৰ সমান্তৰালকৈ বাঢ়নী পানীয়ে ইয়াৰ মথাউৰীৰ প্ৰতি আনিছে চৰম ভাবুকি । নিশাৰ ভাগত মথাউৰীৰ ওপৰেৰে পানী বাগৰাৰ পাচতেই স্থানীয় বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ তৎপৰতাত বিভাগীয় কৰ্তৃপক্ষই নিশাৰ ভাগতেই মেৰামতি কৰে মথাউৰীটো । আনহাতে, এনেদৰে পানী বৃদ্ধি পালে যিকোনো মুহূৰ্ততে বানে উটুৱাই নিব মথাউৰীটো ৷ যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী ।
আনহাতে, ঘটনাস্থলী পৰিদৰ্শন কৰি গংগাধৰ নৈৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছে আৰু শীঘ্ৰেই পাৰকুপাইনৰ কাম আৰম্ভ হ'ব বুলি আশ্বাস দিয়ে বিধায়ক অশ্বিনী ৰায় চৰকাৰে ৷