অসম

assam

ধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা

By

Published : Sep 22, 2020, 12:23 PM IST

আইপিএলৰ ক্ৰিকেট বুকীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অতৰ্কিত অভিযান ৷ আৰক্ষীয়ে এই অভিযানকালত আটক কৰে নুৰ আলম,মমিনুৰ হক,মতিবৰ ৰহমান নামৰ তিনিগৰাকী ক্ৰিকেট বুকীৰ লগতে উদ্ধাৰ কৰে কিছু আপত্তিজনক সামগ্ৰী ৷

Gambling is going on in the name of IPL cricket in Dhubri assam etv bharat news
আপত্তিজনক সামগ্ৰী উদ্ধাৰ

ধুবুৰী,22 চেপ্তেম্বৰ:আৰম্ভ হৈছে বহুচৰ্চিত আইপিএলৰ ত্ৰয়োদশ সংখ্যক ক্ৰিকেট মেচসমূহ ৷ আইপিএলক কেন্দ্ৰ কৰি ভিন্ন প্ৰান্তত আৰম্ভ হৈছে জুৱাৰ এক বৃহৎ বজাৰ ৷ এই জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ তথ্যৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে তিনিগৰাকী বুকীক ৷ জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীয়ে সোমবাৰে নিশা গোলকগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত এক অভিযান চলায় ৷

ক্ৰিকেট বুকী আটক

আৰক্ষীয়ে এই অভিযানকালত আটক কৰে নুৰ আলম,মমিনুৰ হক, মতিবৰ ৰহমান নামৰ তিনিগৰাকী ক্ৰিকেট বুকী ৷ আইপিএল ক্ৰিকেট আৰম্ভ হোৱাৰ লগে লগে ম’বাইলত এক বিশেষ এপৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হয় লক্ষাধিক টকাৰ জুৱা ৷ সম্প্ৰতি এনে তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ক্ৰিকেট বুকীসমূহৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷

লগতে চাওকঃতীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক

ABOUT THE AUTHOR

...view details