অসম

assam

গৌৰীপুৰত ৰঙাঘৰৰ আলহী জুৱাৰীৰূপী শিক্ষক

By

Published : Jun 27, 2022, 2:51 PM IST

ৰাজ্য়ত অব্য়াহত অপৰাধজনিত ঘটনা (Crime prevail in Assam)। অপৰাধজনিত ঘটনাত জড়িত হৈছে মানৱ সম্পদ গঢ়োতা শিক্ষক । ধুবুৰী জিলাৰ গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান । আৰক্ষীৰ জালত পৰিল শিক্ষক । চাৰি জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ ।

dhubri
ধুবুৰীৰ গৌৰীপুৰত ৰঙাঘৰৰ আলহি জুৱাৰী ৰূপী শিক্ষক

ধুবুৰী,২৭জুন: ধুবুৰী জিলাৰ গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান ( Gauripur police raid in Dhubri)। আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত শিক্ষক-কৰ্মচাৰীসহ চাৰিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Gambler arrest Gauripur in Dhubri)। ঘটনাৰ বিৱৰণী অনুসৰি গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে মলাতীখামাৰ গাঁৱত অভিযান চলায় । জুৱাৰ আড্ডা চলি থকাৰ সময়তে অতৰ্কিতে আৰক্ষীয়ে চলোৱা অভিযানত জুৱাৰীৰূপী দুজন শিক্ষক আৰু দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে । তদুপৰি আৰক্ষীয়ে নগদ ধন, মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে ।

ধৃত চাৰি জুৱাৰীৰ ভিতৰত আছিল গৌৰীপুৰৰ পি চি ইনষ্টিটিউটৰ শিক্ষক দিলবৰ আলী । আনহাতে, উক্ত ঘটনাত জড়িত বিভাষ ৰায় হৈছে আন এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক । ইপিনে, ধুবুৰী জলসম্পদ বিভাগৰ কৰ্মচাৰী মীৰ মনোৱাৰ হুছেইন আৰু আলমগঞ্জ আই আই টিৰ কৰ্মচাৰী মঞ্জুৰ আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীয়ে ২৯৮/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি সোমবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাত আদালতে চাৰিও জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details